২৬ লাখলৈ বৃদ্ধি হ’ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। ভুলতে যদি কোনো ধনী লোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে নিজেই নাম কৰ্ত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মুখ্যমন্ত্ৰীয়ে কয়, ঠোলাৱালা–ৰিক্সাৱালাৰ সন্তানে যদি চৰকাৰী চাকৰি লাভ কৰে, তেতিয়াই অসমৰ উন্নয়নে আকাশ চুব। অগ্নিবীৰ আঁচনিৰ অধীনত বছৰি ৫০ হাজাৰ ৬০ হাজাৰ লোকৰ চাকৰি হ’ব।
‘‘আমি ইলেক্ট্ৰিচিটি বিল ৰেহাই নিদিও, কিন্তু আমি বেংক একাউণ্টত টকা দিছো।
কোনোবা দিল্লীৰ চৰকাৰতকৈ আমি নতুন ব্যৱস্থাৰে সেৱা আগবঢ়াইছো। ছেপ্টেম্বৰৰ
পৰা ১২৫০ টকা হ’ব অৰুণোদয় আঁচনিৰ ধন।’’ – ক’লে মুখ্যমন্ত্ৰীয়ে।
কোভিডৰ ছয়মাহ সময় বাদ দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১ বছৰত ১ লাখ চৰকাৰী হ’ব। জল জীৱন আঁচনিৰ জৰিয়তে ২৬ হাজাৰ লোকে নিযুক্তি লাভ কৰিব। ৬৫০০ টকাকৈ প্ৰদান কৰিব চৰকাৰে। খিলঞ্জীয়া লোক হ’লে অসমৰ মাটিৰ ম্যাদি পট্টা প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ। এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
0 Comments