ভোটগ্ৰহণৰ পূৰ্বে নিশা কাৰ্বি আংলঙত হিংসা, নিৰ্বাচনী বিধি উলংঘা কৰি ধন বিতৰণৰ অভিযোগ

 


আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ২৬টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ভোটগ্ৰহণৰ পূৰ্বে নিশা কাৰ্বি আংলঙৰ ১৭নং চুচেনধেন্টা পৰিষদীয় সমষ্টিত নিৰ্বাচনী হিংসা হোৱা পৰিলক্ষিত হয়।

নিৰ্বাচনী বিধি উলংঘা কৰি নিশা ধন বিতৰণৰ অভিযোগ বিজেপি প্ৰাৰ্থী কাছে ৰংপিপিৰ বিৰুদ্ধে। বিজেপি প্ৰাৰ্থী কাছে ৰংপিপিৰ সমৰ্থক, দলীয় কৰ্মীয়ে নিশা ৰাইজৰ মাজত ধন বিতৰণক কেন্দ্ৰ কৰি উত্তেজনা (Violence in Karbi Anglong council election)।

নিৰ্দলীয় প্ৰাৰ্থী মোহন বেৰ সমৰ্থকে ধন বিতৰণত বাধা প্ৰদান কৰাত সৃষ্টি হয় মাৰপিটৰ ঘটনা। নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকক বিজেপি কৰ্মীয়ে মাৰপিট কৰাৰ অভিযোগ। বিজেপি কৰ্মীৰ প্ৰহাৰত আহত হয় দৰসিং ক্ৰামছা নামৰ লোকজন।

উল্লেখযোগ্য যে  কলিয়াবৰ মহকুমাৰ কুঠৰী গাঁও পঞ্চায়তৰ সীমান্তৱৰ্তী কাৰ্বি আংলঙৰ ১৭ নং চুচেন-ধেণ্টা পৰিষদীয় সমষ্টিৰ ৰাইজৰ ক্ষোভ কাৰ্যবাহী সদস্যা তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী কাছে ৰংপিপিৰ বিৰুদ্ধে।

এইবাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী কাছে ৰংপিপিক পৰাস্ত কৰিব বুলি সমষ্টিবাসীয়ে হুংকাৰ প্ৰদান কৰাত শংকিত হৈ পৰিছে। সেয়েহে ধনবল প্ৰয়োগ কৰি  শেষ নিশাৰ খেল খেলাৰ অভিযোগ উঠিছে কাছে ৰংপিপিৰ বিৰুদ্ধে।

Post a Comment

0 Comments