HSLC পৰীক্ষাত উজলি উঠিল বাক আৰু শ্ৰৱণ শক্তিহীন এগৰাকী ছাত্ৰী, আনন্দিত হৈ পৰিল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী

 


  • মুকবধিৰ বিদ্যালয়ৰ পৰিৱৰ্তে সাধাৰণ বিদ্যালয়তে পঢ়ি কলিয়াবৰৰ এগৰাকী বাক  আৰু শ্ৰৱণ শক্তিহীন ছাত্ৰী  উত্তীৰ্ণ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

  • মঙলবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় কলিয়াবৰৰ কুঁৱৰীটোল চাৰিআলিৰ আজাৰুদ্দিন আহমেদ আৰু মৰমী বেগমৰ জেষ্ঠ কন্যা পৰি বেগম।

  •  আশ্বৰ্যকৰ কথাটো হ'ল যে, পৰি বেগম জন্মৰে পৰা বাক আৰু শ্ৰৱণ শক্তিহীন এগৰাকী ছাত্ৰী। বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে সাধাৰণ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি পৰি বেগম উত্তীৰ্ণ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

Post a Comment

0 Comments