ৰাজ্যৰ এশটা প্ৰদূষিত উদ্যোগৰ বিৰুদ্ধে ব্যৱস্থা ল'ব প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ...

 

ৰাজ্যৰ প্ৰদুষিত উদ্যোগে অতিশীঘ্ৰে সন্মুখীন হব শাস্তিৰ । স্থানান্তৰ অথবা বন্ধ কৰিব লাগিব । এশটা উদ্যোগ হানিকাৰক হিচাপে চিহ্নিত । সতৰ্কবাণী আৰু এফ আই  আৰ দিয়া হৈছে প্ৰদুষিত উদ্যোগৰ মালিকৰ বিৰুদ্ধে ।


প্ৰদুষিত উদ্যোগৰ বিৰুদ্ধে কোনো প্ৰকাৰে আপোচ নহব । ৰাজ্যত এশটা উদ্যোগ হানিকাৰক হিচাপে চিহ্নিত কৰি পদক্ষেপ গ্ৰহণৰ দিশে আগ বাঢ়িছে ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড । ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা নতুন উদ্যমেৰে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণেৰে পৰিবেশ সুৰক্ষাৰ হকে কাম কৰিছে । দেওবাৰে আমিনগাঁওস্থিত  গুৱাহাটী বায়'টেক পাৰ্কত আয়োজিত বিশ্ব পৰিবেশ দিবসৰ কাৰ্যসুচীত ভাগ লৈ এইদৰে কয়, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ ড• অৰূপ মিশ্ৰই । ৰাজ্যৰ এশটা প্ৰদুষিত জনস্বাস্থ্যৰ প্ৰতি হানিকাৰক উদ্যোগৰ, গুৱাহাটী আৰু পাশ্ববৰ্তী এলেকাত আছে ৮৪ টা অতি ভয়াবহ প্ৰদূষিত উদ্যোগ । পুৰ্বতে যিয়েই নহওঁক ,এতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে হানিকাৰক উদ্যোগৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব । অধ্যক্ষ অৰূপ মিশ্ৰই আৰু কয় যে, জল প্ৰদুষণ পানী প্ৰদূষণৰ বিষয়ত  কোনো আপোচ নহ'ব । প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে ৰাজ্যৰ উদ্যোগ প্ৰদূষণৰ ভয়াবহতা স্বীকাৰ কৰি আক্ষেপ প্ৰকাশ কৰে । বন আৰু পৰিবেশ উন্নয়ন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সমুখতে সাংবাদিকক আশ্বাস প্ৰদান কৰে অধ্যক্ষগৰাকীয়ে । বিশ্ব পৰিবেশ দিবসৰ দিনটোত অসম বিজ্ঞান সমিতিৰ উত্তৰ গুৱাহাটী শাখাই প্ৰদুষিত উদ্যোগৰ বিৰুদ্ধে তৎকালীন পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনাইছিল । তাৰে আলম লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে সৰব হ'ল প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড অৰূপ মিশ্ৰ । মানৱ কল্যাণৰ স্বাৰ্থৰ হকে কাম কৰিবলৈ প্ৰদূষিত উদ্যোগ বন্ধ কৰিব লাগিব বুলি দৃঢ়তাৰে কলে অধ্যক্ষ অৰূপ শৰ্মাই ।  বিশ্ব পৰিবেশ দিবসৰ অংশ হিচাপে বায়'টেক পাৰ্ক চৌহদত ৰাজ্যপাল আৰু বনমন্ত্ৰীৰ সতে বৃক্ষ ৰোপণ কৰি পৰিবেশ ৰক্ষাৰ শপত ললে আটাইয়ে । উল্লেখ্য যে গুৱাহাটী আই আই টি, সৰলা বিৰলা আভিজাত বিদ্যালয়, ফেকাল্টী হায়াৰ চেকেণ্ডাৰী বিদ্যালয় ,ল' ইউনিভাৰচিটি আৰু জুডিচিয়েল একাডেমি ,এছ অ' এছ শিশুগ্ৰাম আৰু শেহতীয়াকৈ সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিস্থান ( এইমচ) স্থাপিত হোৱাৰ পিছতো বাধাহীনভাবে আমিন গাঁও উত্তৰ গুৱাহাটীত প্ৰদূষিত উদ্যোগে গজালি মেলি আহিয়েই আছে । কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত কেইবাটাও ফেক্টৰী ।  কেইবাটাও হানিকাৰক চিমেণ্ট উদোগৰ প্ৰদূষণত মানৱ জীৱন কোঙা হোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত আছিল প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড । তুদুপৰি আই আই টি গুৱাহাটীৰ কাষতে উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্পই জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি অনাৰ পিছতো মানৱ কল্যাণ মন্ত্ৰনালয়ৰ নীৰৱ স্থিতিয়ে শংকিত কৰি অহাৰ সময়তে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষৰ বিষ্ফোৰক মন্তব্যই যথেষ্ট তাতপৰ্য বহন কৰিছে ।

Post a Comment

0 Comments