পিপিই কীট কেলেংকাৰীক লৈ উত্তাল ৰাজ্য, তদন্তৰ দাবী দল–সংগঠনৰ, মুখ্যমন্ত্ৰীয়ে ক’লে – এয়া মিছা অভিযোগ

 


অসম চৰকাৰৰ পিপিই কিট কেলেংকাৰীৰ বিষয়টোৱে বৰ্তমান উত্তাল কৰি ৰাখিছে ৰাজ্য।  কোভিডৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সংবাদমাধ্যমত এই কেলেংকাৰী সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিভিন্ন দল–সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদো।

এই কেলেংকাৰী সন্দৰ্ভত অসম জাতীয় পৰিষদৰ অভিযোগ,  ‘‘কোভিড পৰিস্থিতিৰ সময়ত প্ৰায় সংখ্যক লোকৰে অৱস্থা বেয়া হৈছিল। ভাগি পৰিছিল বহুলোক। কিন্তু ইয়াৰ বিপৰীতে এজন ব্যক্তি আৰু ব্যক্তিজনৰ পৰিয়ালে কোভিডৰ নামত চলাইছিল লুণ্ঠন।’’ আনকি ভাৰতৰে বৈৰী সৰ্ম্পক থকা চীনৰ পৰা পি পি ই কিট ক্ৰয় কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ অসম জাতীয় পৰিষদৰ।


অসম জাতীয় পৰিষদে কয়, বিমান বন্দৰত ফটো উঠি গৌৰৱ কৰিছিল মুখ্যমন্ত্ৰীয়ে। বাদ পৰিছিল ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা। কিন্তু এতিয়া কিয় অস্বীকাৰ মুখ্যমন্ত্ৰীৰ? বিমানৰ ওচৰত থিয় হৈ পিপিই কীট কিনা বুলি ফটো তুলি মহামানৱ হোৱাৰ বাবে প্ৰচাৰ চলাইছিল নেকি মুখ্যমন্ত্ৰীয়ে বুলি প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ।

Post a Comment

0 Comments