কোৰোণাকালীন ব্যয়ৰ জোৰা মাৰিবলৈ বৃদ্ধি কৰা হৈছে সুৰাৰ দাম! অভিলেখসংখ্যক ৰাজহ সংগ্ৰহৰ লক্ষ্য

 


সুৰাপায়ীৰ বাবে দুঃখবৰ, অসমত বৃদ্ধি সুৰাৰ মূল্য। ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১২ দিন পাছৰ পৰা ১৫জুনৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য। সুৰাৰা দাম ৬৫ শতাংশপৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্তকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পিছে কিয় বঢ়োৱা হৈছে সুৰাৰ দাম?

পেট্ৰ’ল–ডিজেলৰ কৰ হ্ৰাসৰ ফলত ৰাজহৰ জোৰা মাৰিবলৈ এই বৃদ্ধি কৰা হৈছে। ২০০১ত অসম চৰকাৰে সুৰাৰ পৰা ৰাজহ পাইছিল ১৪৮ কোটি টকা। ২০২০–২১ত সুৰাৰ পৰা ৰাজহ সংগ্ৰহ ২০৩৩ কোটি টকা। আৰু  ২০২২–২৩–ত সুৰাৰ পৰা ৰাজহ সংগ্ৰহৰ লক্ষ্য ২৫০০ কোটি টকা লোৱা হৈছে। তথ্য অনুসৰি  অসমত প্ৰায় ১২৫০খন সুৰাৰ দোকান আছে। কেৱল গুৱাহাটীতে প্ৰায় ৩২০খন সুৰাৰ দোকান আছে।

উল্লেখ্য যে, ইণ্ডিয়া মেড স্পিৰিটৰ ৰেগুলাৰ ব্ৰেণ্ডৰ বটলত কমেও ৯২ টকাকৈ বৃদ্ধি। জেনেৰেল ব্ৰেণ্ডৰ প্ৰতিবটলত বৃদ্ধি কমেও ৮০ টকাকৈ। এলিজেণ্ট ব্ৰেণ্ডৰ মূল্য প্ৰতি বটলত কমেও ১৪২ টকাকৈ বৃদ্ধি। ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ মূল্য প্ৰতি বটলত কমেও ৩৫০ টকাকৈ বৃদ্ধি। ৰাজ্যৰ আবকাৰী বিভাগে এই সন্দৰ্ভত শুকুৰবাৰে প্ৰকাশ কৰিছিল ৰাজপত্ৰিত জাননী।

Post a Comment

0 Comments