মেট্ৰিকত জুয়ে পোৰা সোণ হৈ জিলিকিল ই-ৰিস্কা চালকৰ পুত্ৰ, মাত্ৰ ৬ নম্বৰৰ বাবে শীৰ্ষ দহত নাপালে স্থান


 দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাৰেই উদাহৰণ দাঙি ধৰিছে নলবাৰী জিলাৰ বিল্লেশ্বৰৰ মিজানুৰ জামানে। নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ পৰা মেট্ৰিক পৰীক্ষা দিয়া মিজানুৰে সময়ে সময়ে নিজেও ই–ৰিক্সা চলাই পেটৰ ভাত মকলোৱাৰ লগতে সংগ্ৰাম কৰিছিল অধ্যয়নৰ। মাত্ৰ ৬ নম্বৰৰ বাবে মিজানুৰে শীৰ্ষ দহত নাপালে স্থান।মিজানুৰে মুঠ নম্বৰ লাভ কৰে ৫৮২। ৯৭ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা মিজানুৰে ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে। উল্লেখযোগ্য যে এটি উৰুখা পজাত জীৱন সংগ্ৰাম কৰা মিজানুৰৰ পিতৃ মেচেৰউদ্দিন আহমেদে ই–ৰিস্কা চলাই ঘৰখন চলাইছিল যদিও তেওঁ ৰুগীয়া হৈ পৰাত মিজানুৰে নিজেই ই–ৰিস্কা চলাই জীৱন চকৰি ঘূৰাইছিল।

তেওঁ গণিতত ১০০, উচ্চ গণিতত ১০০,অসমীয়াত ৯৩, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিদ্যাত ৯৪ আৰু ইংৰাজীত ৯৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে মিজানুৰে অধ্যয়ন কৰি মাত্ৰ ৬ নম্বৰৰ বাবে বঞ্চিত হ’ল স্থান লাভৰ পৰা। গাঁৱৰ এইগৰাকী 'ৰিয়েল হিৰো'য়ে ভৱিষ্যতে দেখিছে এক আশাৰ সেউজীয়া সপোন। সপোন দিঠক হবলৈ তেওঁক লাগে সহায়ৰ হাত।

Post a Comment

0 Comments