সৰুতেই হেৰুৱাইছিল পিতৃ-মাতৃক! আজি ঘোষিত HSLC পৰীক্ষাৰ ফলাফলত উজলি উঠিল শিৱসাগৰৰ দিপাঞ্জল খাৰিয়া


 সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি  আনন্দৰ বতৰা কঢ়িয়াই আনিছে শিলাকুটী ১নং কোঁৱৰ গাঁৱৰ এজন মেধাবী ছাত্ৰই৷ ছাত্ৰজনৰ নাম দিপাঞ্জল খাৰিয়া৷ সৰুতেই মাক দেউতাকক হেৰুওৱা ল'ৰাটোৰ লালন-পালনৰ দ্বায়িত্ব লৈছিল শিৱসাগৰ  শিলাকুটী কোঁৱৰ গাঁৱৰ মুনীন কোঁৱৰ আৰু তেওঁৰ পত্নী মল্লিকা কোঁৱৰে৷

পাঁচ বছৰৰ বয়সৰ পৰা মুনীন কোঁৱৰৰ পৰিয়ালে নিজ সন্তানৰ দৰে ডাঙৰ দীঘল কৰা দিপাঞ্জলৰ আজি জীৱনৰ এক উল্লেখযোগ্য দিন ৷ সদ্যঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত দিপাঞ্জল প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে ৷ দিপাঞ্জলৰ সফলতাত আনন্দ চকুলো বৈছে পৰিয়ালটোত ৷ ধিতাইপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা দীপাঞ্জলে পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ ৫২৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰ জনৰ এই সফলতা স্বাভাৱিকতে আনন্দিত হৈছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলো৷


Post a Comment

0 Comments