অৱশেষত ঘোষণা কৰা হ'ল পৰীক্ষাৰ দিন! তৃতীয় বৰ্গৰ বাবে ২১ আগষ্ট ধাৰ্য

 


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিৰ্বাচনৰ বহু প্ৰতিশ্ৰুতিৰ মাজত অন্যতম প্ৰতিশ্ৰুতি আছিল ৰাজ্যৰ ১ লাখ নিবনুৱাক সংস্থাপন ৷ ১০ মে ৰ পূৰ্বে চৰকাৰখনে আঙুলিৰ মূৰত হিচাপ কৰি চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল ৷ যদিওৱা চৰকাৰখনে নিৰ্ধাৰিত এবছৰত সময়ত সম্পন্ন কৰিব নোৱাৰিলে ১ লাখ নিবনুৱাৰ সংস্থাপন ৷ তথাপি প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ চৰকাৰখনে অচিৰেই পদসমূহ পূৰণ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৷ যাৰ ভিত্তিত ৰাজ্যিক পৰ্য্যায়ৰ নিৰ্বাচনী আযোগ গঠন কৰি তৃতীয়, চতুৰ্থ বৰ্গৰ মুঠ ২৬ হাজাৰ ৪ শ ৪১ টা পদৰ বাবে প্ৰকাশ কৰিছিল বিজ্ঞাপন ৷ যোৱা ৭ জুনত অন্ত পৰিল আবেদন প্ৰক্ৰিয়া।

জানিব পৰা মতে,  তৃতীয় বৰ্গৰ বাবে আবেদনকাৰীৰ সংখ্যা মুঠ ৬ লাখ ৭১ হাজাৰ ৮ শ ৫ গৰাকী। আনহাতে  চতুৰ্থ বৰ্গৰ বাবে মুঠ ৪ লাখ ৪৩ হাজাৰ ৬ শ ৫৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে।

Post a Comment

0 Comments