সোমবাৰৰ দিনা বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ ! ৰূপালী জোন হ'ব ৰঙা, কেতিয়া ক'ৰ পৰা প্ৰত্যক্ষ কৰিব জানি লওক


 মে' মাহটো হৈছে মহাকাশ প্ৰেমীসকলৰ বাবে এক বিশাল ভঁৰাল । বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণৰ পিছত মানুহে ১৫ মে' আৰু ১৬ মে'ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ চাবলৈ সাজু হৈছে। এই চন্দ্ৰগ্ৰহণক ৰঙা চন্দ্ৰ বা ব্লাড মুন বুলিও জনা যাব। যেতিয়া পৃথিৱী চন্দ্ৰ আৰু সূৰ্যৰ মাজত আহে আৰু পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰে, তেতিয়া চন্দ্ৰগ্ৰহণ হয় (Lunar Eclipse 2022)। আমোদজনক ভাৱে বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ পূৰ্ণগ্ৰাস  হ'ব।

চন্দ্ৰগ্ৰহণ : তাৰিখ আৰু সময় :
নাছাৰ মতে, এই পূৰ্ণগ্ৰাস  চন্দ্ৰগ্ৰহণক ব্লাড মুন বুলিও কোৱা হ'ব । গ্ৰহণটো ১৬ মে'ৰ পুৱা ৭:৫৮ বজাত আৰম্ভ হ'ব আৰু একেদিনাই পুৱা ১১.৩৫ বজালৈকে কাৰ্যকৰী হৈ থাকিব। ১৬ মে'ত চন্দ্ৰগ্ৰহণ তিনি ঘণ্টাতকৈ অধিক সময় চলিব বুলি আশা কৰা হৈছে।

কেতিয়া সৰ্বোচ্চ চন্দ্ৰগ্ৰহণ  হ'ব ?
পুৱা ৯.৪১ বজাত ১৬ মে'ত এই চন্দ্ৰগ্ৰহণ ইয়াৰ সৰ্বোচ্চ স্তৰত দেখা যাব।

ভাৰতত চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব  নেকি ?
মহাকাশ সংস্থাৰ মতে, এইবাৰ ভাৰতত চন্দ্ৰগ্ৰহণ দেখা নাযাব। সমগ্ৰ দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকাৰ পূব অংশ, এণ্টাৰ্কটিকাৰ কিছু অংশ, পশ্চিম ইউৰোপ, পশ্চিম আৰু দক্ষিণ আফ্ৰিকা আৰু কেৱল প্ৰশান্ত মহাসাগৰৰ পূবত ব্লাড মুন দেখা যাব (Blood Moon 16 May 2022 )।

ইয়াক ব্লাড মুন বুলি কিয় কোৱা হয় ?
যিহেতু চন্দ্ৰগ্ৰহণ পূৰ্ণিমাৰ দিনা হ'বলৈ গৈ আছে , সেয়ে পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰিলে  ৰঙা দেখা যাব। চন্দ্ৰই আন ৰং প্ৰতিফলিত কৰিব কিয়নো পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে অহাৰ পিছত সূৰ্যৰ পোহৰ চন্দ্ৰপৃষ্ঠত পৰিব আৰু তৰংগদৈৰ্ঘ্যৰ বাবে ৰঙা ৰং ধৰি ৰাখিব। গতিকে ই ৰঙা দেখাব। এই  ৰক্ত ৰঙৰ বাবেই 'ব্লাড মুন' শব্দটোৰ জন্ম হয়।

Post a Comment

0 Comments