কোকৰাঝাৰৰ ঢোলমাৰাত জঘন্য কাণ্ড, চাহ বাগানলৈ চোঁচৰাই নি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ডৰ


 দেশত নাৰীৰ  নিৰাপত্তা, সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে কঠোৰ আইন বলৱৎ কৰা অথবা ধৰ্ষণৰ দৰে অপৰাধৰ শাস্তি কঠোৰ কৰা সত্ত্বেও এটা বিশেষ শ্ৰেণীৰ বাবে নাৰীজনিত অপৰাধ সংঘটিত কৰাটো যেন এক সাধাৰণ ঘটনা।

সেয়া আকৌ এবাৰ প্ৰমাণিত হ’ল শেহতীয়াকৈ কোকৰাঝাৰ জিলাত সংঘটিত আন এক জঘন্য নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডত ৷ কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৱৰ্তী ঢোলমাৰা অঞ্চলত  এক বিশেষ সম্প্ৰদায়ৰ তিনি পাষণ্ডৰ কামনাৰ বলি হ'বলগীয়া হৈছে অসমৰে এক খিলঞ্জীয়া জনগোষ্ঠীৰ  নাবালিকা‌‌।

জানিব পৰা মতে, কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৱৰ্তী ঢোলমাৰা অঞ্চলত কালি সন্ধিয়া সংঘটিত হয় উক্ত ধৰ্ষণৰ  ঘটনা। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি, কালি সন্ধিয়া  নাবালিকা কিশোৰীগৰাকীয়ে দোকানলৈ বুলি গৈছিল। কিন্তু দোকান গৈ পোৱাৰ আগতেই   তিনি পাষণ্ডই নিৰ্জন পথত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নাবালিকাগৰাকীক  বলপূৰ্বক মুখত খোপা দি ওচৰৰ চাহ বাগানলৈ চোঁচৰাই  নি দলবদ্ধ ধৰ্ষণ কৰে (Teen gang raped in Kokrajhar)।

পিছত  নাবালিকাগৰাকীয়ে ঘৰত গৈ সকলো কথা জনাই দিয়াত সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।ঘটনা সন্দৰ্ভত ইতিমধ্যে ধৰ্ষিতা নাবালিকাৰ পৰিয়ালে ছালাকাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ তদুপৰি উক্ত ধৰ্ষণ কান্ড সন্দৰ্ভত   ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৬৩/৩৬৮/৩৭৬ (ডি )(এ)/৩৪  ধাৰাত  কোকৰাঝাৰ সদৰ থানাত ২৪৭/২২ নম্বৰত আৰু আৰ / ডব্লিউ ০৬ ধাৰাত পকছ’ আইনত এক গোচৰ ৰুজু হৈছে ।

ইতিমধ্যে আৰক্ষীয়ে গণধৰ্ষণৰ দৰে জঘন্য কাৰ্য সংঘটিত কৰা  তিনি পাষণ্ডৰ  ভিতৰত আফৰুদ্দিন ইছলাম (২২) আৰু ছমেজ উদ্দিন আলী(১৯) নামৰ দুই যুৱকক আৰক্ষীয়ে আটক কৰিছে যদিও আন এগৰাকী।ধৰ্ষণকাৰী  মুস্তাফা আলী(২৩) সম্প্ৰতি পলাতক অৱস্থাত আছে৷

Post a Comment

0 Comments