গৰম দূৰ কৰক আমৰ এই সহজ আৰু সুস্বাদু পানীয়ৰ সৈতে, জানক কেনেকৈ প্ৰস্তুত কৰিব


 গ্ৰীষ্মকাল (summer)টো হালধীয়া ৰঙৰ সৈতে একেবাৰে সমাৰ্থক, নহয়নে? হালধীয়া (Yellow) হৈছে উচ্চ শক্তি আৰু উষ্ণতা প্ৰতিনিধিত্ব কৰা ৰং, যি দুটা গ্ৰীষ্মকালৰ উপাদান। গ্ৰীষ্মকালত সূৰ্য জিলিকি উঠে আৰু উজ্জ্বল অনুভৱ কৰায়।

আৰু এই ঋতুতোই ফলৰ ৰজা আম (Mango) আমাৰ জীৱনলৈ নতুন মাদকতা লৈ আহে । উদৰ পুৰাই আম নোখোৱালৈকে যেন গ্ৰীষ্মকালৰ আনন্দই বৃথা। গৰম পৰিল মানে আম খাবলৈ মন যোৱাটো স্বাভাৱিক। হালধীয়া ৰঙৰ ফলৰ ৰজা ইমানেই উপাদেয় যে ইয়াক মিঠাই, তৰকাৰী আৰু পানীয়ৰ দৰে উপভোগ কৰিব পাৰি।


পুদিনা পাত, আদা আৰু ষ্ট্ৰবেৰীৰ সৈতে আমৰ পানীয়ৰ সোৱাদেই সুকীয়া। আপোনাক কেৱল দৈ, ষ্ট্ৰবেৰী, চেনী, সেউজীয়া জলকীয়া, আদা আৰু অৱশ্যেই আমৰ প্ৰয়োজন। একে সময়তে আপোনাৰ জিভাক নতুন আৰু পৰিচিত কিবা এটাৰ সৈতে পৰিচয় কৰাবলৈ ইয়াক একেলগে মিহলি কৰি পানীয় প্ৰস্তুত কৰিব পাৰে।

Post a Comment

0 Comments