গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা অপহৰণ কৰিলে প্ৰাক্তন আলফা কেডাৰক, স্বামীক ঘূৰাই আনিবলৈ পত্নীয়ে অনুৰোধ জনালে মুখ্যমন্ত্ৰীক


 গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ পৰা অপহৃত হ'ল এজন প্ৰাক্তন আলফা কেডাৰ। আলফা কেডাৰজনৰ নাম সিতেশ্বৰ ৰাভা ওৰফে লাডেন। মূলসুঁতিলৈ ঘূৰি অহা লাডেনক মহানগৰীৰ বাঘৰবৰীৰ পৰা অপহৰণ কৰিলে দূৰ্বৃত্তই।

ইফালে লাডেনৰ পত্নীকো অপহৰণ কৰিছিল অপহৰনকাৰী দলটোৱে। কিন্তু সৌভাগ্যক্ৰমে ইম্ফলৰ পৰা অপহৰণকাৰীৰ বেহু ফালি পলাই আহিবলৈ সক্ষম হয় পত্নী নিভা ৰাভা। এতিয়া স্বামীৰ মুক্তিৰ বাবে ৮-১০ লাখ টকা দাবী কৰিছে দলটোৱে। দাবী কৰা ধন যোগাৰ কৰিবলৈ গৈ এতিয়া হাহাকাৰ অৱস্থা পত্নী নিভা ৰাভাৰ।

ৰ্বে বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল সিতেশ্বৰ ৰাভা ওৰফে লাডেন। ঘটনাৰ সন্দৰ্ভত  দিছপুৰ আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে গোচৰ নোলোৱাৰ অভিযোগ মহিলাগৰাকীৰ। আৰু এতিয়া স্বামীক ঘূৰাই আনিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে নিভা ৰাভা নামৰ মহিলাগৰাকীয়ে।

Post a Comment

0 Comments