ছচিয়েল মিডিয়াত কিয় ট্ৰ’লৰ সন্মুখীন হৈছে সাংসদ তাছা? মূল্যবৃদ্ধি সন্দৰ্ভত কি ক'লে সাংসদগৰাকীয়ে?


 ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মূল্যবৃদ্ধি সন্দৰ্ভত টুলুঙা মন্তব্য কৰা বুলি ছচিয়েল মিডিয়াত সৰব চৰ্চা চলি আছে। ছচিয়েল মিডিয়াত ব্যাপক ট্ৰ’ল কৰা হৈছে সাংসদগৰাকীক। কিন্তু মূল্যবৃদ্ধি সন্দৰ্ভত কি ক'ব বিচাৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে! সাংসদ তাছাৰ মতে, ছচিয়েল মিডিয়াত একাংশ লোকে তেওঁৰ মন্তব্যৰ অপব্যাখ্যা কৰিছে।

মূল্যবৃদ্ধি সন্দৰ্ভত সাংসদগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰি মত ব্যক্ত কৰিছে। সাংসদ তাছাই কয় যে অসমত খোৱা মানুহৰ সংখ্যা বাঢ়িছে আৰু উৎপাদন কমিছে। আৰু সেইবাবেই খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। চাহিদা অনুপাতে প্ৰায়বোৰ সামগ্ৰীয়েই অসমলৈ বাহিৰৰ পৰা আমদানি কৰিব লগা হয়। উৎপাদন নোহোৱা বাবেই অসমত প্ৰায়বোৰ সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে তেওঁ ক'তো টুলুঙা মন্তব্য কৰা নাই। ছচিয়েল মিডিয়াত খেতি কৰা লোকসকলক প্ৰকৃত খেতিয়কসকলৰ অৱস্থাৰ বুজ লৈ কৃষি কৰ্মত নিয়োজিত হ’বলৈ সাংসদগৰাকীয়ে আহ্বান জনায়। সাংসদগৰাকীৰ মতে অসমৰ লোকসকল শাক-পাচলিৰ পৰা মাছ-কণীলৈকে সকলো ক্ষেত্ৰতে উৎপাদনমুখী হ’লে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হোৱাই নহয় আৰ্থিকভাৱেও অসম বহু চহকী হৈ পৰিব।

Post a Comment

0 Comments