গুৱাহাটীৰ অলিয়ে-গলিয়ে ওলাইছে 'পানী মিটাৰ' চোৰ! এসপ্তাহত জু-ৰোডৰ পৰা চুৰি হ'ল ৩০টাতকৈ অধিক পানী মিটাৰ

 চোৰে টোপনি হৰিছে জুৰোড-তিনিআলিবাসীৰ! যি সময়ত এটুপি খোৱাপানীৰ বাব  মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে সেই সময়তে চুৰি হৈছে খোৱা পানীৰ বাবে জলবৰ্ডৰ পৰা ক্ৰয় কৰি অনা ইটোৰ পিছত সিটো পানী মিটাৰ।

আজিৰ পৰা দুই বছৰ পূৰ্বে অঞ্চলবাসীয়ে খোৱাপানীৰ বাবে জলবৰ্ডৰ পৰা ক্ৰয় কৰি ঘৰে ঘৰে বঢ়োৱাইছিল এটাকৈ মিটাৰ ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয়, বিগত দুটা বছৰে ভালদৰে এটুপি খোৱা পানী লাভ নকৰা অঞ্চলবাসীৰ মাজত শেহতীয়াকৈ পানীৰ মিটাৰ চোৰে ত্ৰাসৰ সৃষ্টি কৰিছে ৷


Post a Comment

0 Comments