'মোগললৈ ধৰ্মান্তৰিত হৈছে অখিল গগৈ, অখিলৰ দেহত মোগলৰ তেজ আছে' বুলি পুনৰ আক্ৰমণ মন্ত্ৰী পিযুষৰ


 শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (Akhil Gogoi)ক আজি পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)ই। অখিল গগৈয়ে নিজকে লাচিতৰ বংশধৰ বুলি আৰু পিয়ুষ হাজৰিকাৰ দেহত মোগলৰ তেজ থকা বুলি মন্তব্য কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷

আজি বাঘবৰত পিয়ুষ হাজৰিকাই অখিল গগৈক উভতি ধৰি কয়, "পূৰ্বতে হিন্দুসকল মোগললৈ ধৰ্মান্তৰিত হৈছিল ৷ ঠিক তেনেদৰে অখিল গগৈয়েও এতিয়া মোগললৈ ধৰ্মান্তৰিত হৈছে। পূৰ্বতে অখিল গগৈৰ দেহত লাচিতৰ তেজ আছিল যদিও এতিয়া তেওৰ দেহত মোগলৰ তেজ আছে ৷"

Post a Comment

0 Comments