সাত বছৰ পুৰণি এচিদ আক্ৰমণৰ গোচৰত অভিযুক্ত দোষীক যাৱজ্জীৱন কাৰাদণ্ড

 


প্ৰায় সাত বছৰ পুৰণি এচিদ আক্ৰমণ (Acid Attack)ৰ এটা গোচৰত অভিযুক্ত ছাইদুল ইছলাম নামৰ এগৰাকী ব্যক্তিক আজি বাক্সা জিলা‌ সত্ৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড (Life Imprisonment)ৰে দণ্ডিত কৰাৰ লগতে ৫ লাখ টকা ক্ষতিপূৰণ হিচাপে জৰিমনা বিহিলে । উল্লেখযোগ্য যে  বিগত ২০১৬ চনত তেতিয়াৰ বাক্সা (Baksa) জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খন্দিকৰ গাঁওত সংঘটিত হৈছিল এই ভয়ানক ঘটনাটো ৷

জানিব পৰা মতে কামৰূপ জিলাৰ উদিয়ানাৰ ছাইদুল ইছলাম নামৰ এজন ব্যক্তিয়ে নিজ পত্নী আৰ্জিনা বেগমক তামুলপুৰৰ উত্তৰ খন্দিকৰত পিতৃ গৃহতে এচিদেৰে আক্ৰমণ কৰি আহত কৰিছিল ৷ এই লৈ তামুলপুৰ আৰক্ষী থানাত কেচ নং ২৩৩/ ১৬ নম্বৰত ছাইদুল ইছলামৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল ৷ পিচত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/ ৩২৬ (এ) আইনৰ অধীনত অভিযুক্ত ইছলামক গ্ৰেপ্তাৰ কৰি নলবাৰী কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ সেই গোচৰটোৰে আজি বাক্সা জিলা সত্ৰ ও ন্যায়াধীশৰ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে ৷

আদালতে ছাইদুল ইছলামক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ উপৰিও পাঁচ লাখ টকাৰ জৰিমনা বিহে ৷  উল্লেখ্য যে আক্ৰান্ত মহিলাগৰাকীৰ হৈ জ্যেষ্ঠ অভিবক্তা ৰঞ্জিত চেত্ৰীয়ে ওকালতি কৰিছিল ৷ ইফালে বিগত সাত বছৰ পিচত আদালতে মহিলাগৰাকীৰ সপক্ষে ন্যায় প্ৰদান কৰাত সন্তুষ্টি প্ৰকাশ কৰি ভূক্তভোগী মহিলাগৰাকীয়ে আদালতক ধন্যবাদ জনায় ৷

Post a Comment

0 Comments