মহানগৰীত মৰ্মন্তুদ ঘটনা! ৰাজপথতে মৃত্যুক সাবটিলে Swiggy Boy দীপাংকৰে

 


মহানগৰীৰ গণেশগুৰিত হৃদয়বিদাৰক ঘটনা। যি দৃশ্য দেখিলে আপোনাৰো অন্তৰাত্মা কান্দি উঠিব। যি দৃশ্য দেখিলে হয়তো আপুনি ভাবিবলৈ বাধ্য হ’ব, সঁচাই মৃত্যু কেতিয়া, কাৰ বাবে, ক’ত ৰৈ থাকে কোনেও নাজানে। নিষ্ঠুৰ নিয়তিৰ পৰিহাসত কোনে কেতিয়া এই পৃথিৱী এৰি যাবগৈ লাগিব সেই কথা কোনেও কল্পনাও কৰিব নোৱাৰে। সেয়াই ঘটিল দীপাংকৰ বৰা নামৰ যুৱকজনৰ সৈতে।

মঙলবাৰে সন্ধিয়া গণেশগুৰি–হেঙেৰাবাৰী পথৰ দাঁতিত উদ্ধাৰ হয় দীপাংকৰ বৰা নামৰ যুৱকজনৰ নিথৰ দেহ। পিঠিত ওলমি আছিল Swiggy লিখা থকা এটা বেগ। হয়তো দিনটো আনৰ ঘৰে ঘৰে খাদ্য যোগান ধৰি ভাগৰি পৰিছিল দীপাংকৰ। ক্ষন্তেক জিৰণী লোৱাৰ বাবেই হয়তো উক্ত স্থানত বহি পৰিছিল যুৱকজন। তাৰ পিছত সকলো শেষ হৈ গৈছিল।

স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো। এখন দোকানৰ ছাটাৰত আউজি বহি থকাৰ দৰেই আছিল দীপাংকৰ। কি কাৰণত যুৱকজনৰ মৃত্যু হ’ল সেয়া জানিব পৰা হোৱা নাই। মৃত দীপাংক বৰাৰ ঘৰ মাণিকনগৰত বুলি জানিব পৰা গৈছে।

কেনেকৈ আৰু কিয় মৃত্যু হ’ল দীপাংকৰ? সেই প্ৰশ্নৰ উত্তৰ এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীয়ে দীপাংকৰৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য জানিব পৰা যাব।

Post a Comment

0 Comments