আৰক্ষী বিষয়া ভাড়াতীয়া হিচাপে থকা ঘৰত চোৰৰ লুটপাত! সাতগাওঁ থানাৰ সন্মুখতে নিশা গৃহস্থক স্প্ৰে মাৰি চোৰে লুটিলে ধন-সোণ...


 গুৱাহাটী মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা।  সাতগাওঁ থানাৰ সমীপতে এতিয়া সঘনাই সংঘটিত হ'বলৈ ধৰিছে এটাৰ পিছত আনটো চুৰি কাণ্ড ৷ যাৰ বাবে থানাখন থকাতকৈ নথকাই ভাল বুলি মন্তব্য আগবঢ়াইছে স্থানীয় একাংশ মহিলাই ৷

দেওবাৰে নিশাও সাতগাওঁ থানাৰ গাতে লাগি থকা নাৰায়ণ মালাকাৰ নামৰ ব্যক্তিজনৰ ঘৰত চলিল চোৰৰ লুটপাত ৷ নাৰায়ণ মালাকাৰ নামৰ ৰে'ল বিভাগত কৰ্মৰত ব্যক্তিজন শুই থকাৰ সময়তে ঘৰৰ দুৱাৰৰ লক ভাঙি লুটপাত চলাই  ঘৰটোত ।

টোপনি যোৱা স্প্ৰে ব্যৱহাৰ কৰি চোৰে নাৰায়ণ মালাকাৰৰ শুৱা ৰুমৰ পৰাই বহু মূল্যবান সামগ্ৰী লুটি লৈ যায় চোৰে। প্ৰায় ৮০ হাজাৰ টকা নগদ ধন আৰু প্ৰায় ১৫ লাখ মান টকাৰ অলংকাৰো লুটি নিয়ে চোৰৰ দলে।

সাতগাওঁ থানাৰ গাতে লাগি থকা নাৰায়ণ মালাকাৰ নামৰ ৰে'ল বিভাগৰ কৰ্মচাৰীজনৰ ঘৰত সংঘটিত এই চুৰিকাণ্ডক সহজভাৱে লব পৰা নাই স্থানীয় ৰাইজে ৷ কাৰণ নাৰায়ণ মালাকাৰৰ ঘৰতে ভাড়াতীয়া হিচাপে থাকে সাতগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ৷

Post a Comment

0 Comments