বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ


বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ৷ কংগ্ৰেছ নেতৃত্বৰ খোৱা-কামোৰা, দ্বন্দ, অন্তঃকলহত অতিষ্ঠ হৈয়েই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ আব্দুৰ ৰহিম খানৰ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷

ৰাইজ এতিয়া কংগ্ৰেছৰ সৈতে নাই বুলিও মন্তব্য কৰে আব্দুৰ ৰহিম খানে৷ বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদৰ প্ৰতিও বিষোদগাৰ ৰহিম খানৰ৷ আব্দুল খালেক, ৰহিম আহমেদ আৰু জাকিৰ হুছেইন শিকদাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ৷ আনকি কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং, প্ৰভাকৰ সাথেৰ বিৰুদ্ধেও সৰব হৈ পৰে ৰহিম খান৷

তেওঁলোকে অসমলৈ লুটৰাজ চলাবলৈ অহা বুলিও অভিযোগ কৰে তেওঁ৷ সততাৰে দল কৰি থকাসকল কংগ্ৰেছত বঞ্চিত হৈ আহিছে বুলি মন্তব্য কৰি ৰহিম খানে কংগ্ৰেছ ত্যাগ কৰি কোন দলত যোগদান কৰে সেই কথা স্পষ্টকৈ নক’লেও এ আই ইউ ডি এফত যোগদানৰ সম্ভাৱনাই প্ৰৱল৷ বিশেষকৈ ২০১১ চনত এ আই ইউ ডি এফৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা ৰহিম খান পুনৰ পুৰণি ঘৰলৈ উভতি যোৱাৰ সম্ভাৱনা প্ৰৱল৷

Post a Comment

0 Comments