এটা বছৰ সম্পূৰ্ণ কৰিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে, খানাপাৰত বিশেষ অনুষ্ঠান

 


এটা বছৰ সম্পূৰ্ণ কৰিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে। ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

ইতিমধ্যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। সোমবাৰে মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে অমিত শ্বাহে। জিএমচিএইচত নৱনিৰ্মিত ছুপাৰস্পেচিয়েলিটী হাস্পতাল আৰু আমিনগাঁৱত লোকপিয়ৰ সঞ্চালকালয় কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে শ্বাহে।

বিগত এটা বছৰত বিজেপি চৰকাৰৰ কাম–কাজক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে জনতাৰ মাজত। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেতবোৰ আঁচনিক লৈ সুখী একাংশ জনতা। মিছন বসুন্ধৰা, জলজীৱন মিছন, অৰুণোদয় আদিকে ধৰি বহু আঁচনিৰে ৰাইজৰ সমস্যা দূৰ কৰাৰ চেষ্টা চলাইছে চৰকাৰখনে। ড্ৰাগছৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবেও সন্তুষ্টি প্ৰকাশ কৰিছে জনতাই।

কিন্তু তাৰ বিপৰীতে মূল্যবৃদ্ধিক লৈ একপ্ৰকাৰ অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনসাধাৰণক। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে এইপৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই

Post a Comment

0 Comments