বহিষ্কাৰৰ পিছতে দলৰ বিৰুদ্ধে বিস্ফোৰণ নীলমণি সেন ডেকাৰ, ক’লে – ‘২৪ৰ নিৰ্বাচনত কংগ্ৰেছ শূন্য হ’ব অসম, কংগ্ৰেছে হেৰুৱাব ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা’


 দলৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে কংগ্ৰেছ দল আৰু সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ। নীলমণি সেন ডেকাই কয়, ‘‘ৰাহুল গান্ধী টিভিত ওলালে টিভি বন্ধ কৰে। ভূপেন বৰাৰ যদি সাহস আছে গুৱাহাটীত পাঁচ হাজাৰ মানুহ লৈ মিটিং পাতক। ভূপেন বৰাৰ সভাত এশ মানুহো নহয়।’’

‘‘২১ৰ নিৰ্বাচনৰ পৰা কংগ্ৰেছত অশুভ পৰম্পৰা গঢ় লৈছিল। জীতেন্দ্ৰ সিঙক টকা নিদিলে টিকট দিয়া নাছিল। মোকো ধন বিচাৰিছিল জীতেন্দ্ৰ সিঙে। ধন নিদিয়াই টিকট দিয়া নাই। জিলা সভাপতি হ’বলৈ কংগ্ৰেছত টকা দিব লাগে।’’ – মন্তব্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ।

২৪ৰ লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছ শূন্য হ’ব বুলিও ভৱিষ্যদ্বাণী কৰে প্ৰাক্তন মন্ত্ৰী ডেকাই। তেওঁ কয়, সমগ্ৰ দেশত ২০ৰ তলত নামিব কংগ্ৰেছৰ আসন। ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা হেৰুৱাব কংগ্ৰেছে।

Post a Comment

0 Comments