দেশত বিগত ২৪ ঘণ্টাত ১৮২৯জন লোক কোৰোণাত আক্ৰান্ত, মৃত্যু ৩৩জনৰ


 

বিগত ২৪ ঘণ্টাত ২৫৪৯জন লোক কোৰোণাৰ পৰা সুস্থ হৈ উঠিছে। এতিয়ালৈ ৪২,৫৮৭,২৫৯জন লোক কোৰোণাৰ পৰা সুস্থ হৈ উঠিছে। ৰিক’ভাৰী ৰেট ৯৮.৭৫ শতাংশ।

দেশত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত ১৮২৯জন লোক। ৩৩জন লোকৰ মৃত্যু হয় মঙলবাৰৰ দিনটোত। কোৰোণাত আক্ৰান্তৰ এই সংখ্যা এদিন পূৰ্বৰ তুলনাত ১৬.৫ শতাংশ অধিক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, দেশত এতিয়া চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৫,৬৪৭জন। দৈনিক পজিটিভিটি ৰেট ০.৪২ শতাংশ।

বিগত ২৪ ঘণ্টাত ২৫৪৯জন লোক কোৰোণাৰ পৰা সুস্থ হৈ উঠিছে। এতিয়ালৈ ৪২,৫৮৭,২৫৯জন লোক কোৰোণাৰ পৰা সুস্থ হৈ উঠিছে। ৰিক’ভাৰী ৰেট ৯৮.৭৫ শতাংশ।

দেশত বৰ্তমান আটাইতকৈ অধিক আক্ৰান্তৰ সংখ্যা দিল্লীত। স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইট মতে, বিগত ২৪ ঘণ্টাত দিল্লীত সৰ্বাধিক ৩১৮জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত। ইয়াৰ পিছতে হাৰিয়ানাত ১৫৭জন লোক আক্ৰান্ত হৈছে। বাকী ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১০০ৰ তলত।

Post a Comment

0 Comments