দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ, ২৪ ঘণ্টাত ৩৫৪৫জন নতুনকৈ আক্ৰান্ত


 দেশত দ্ৰুতগতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত ৩৫৪৫জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোণাত। আনহাতে, বিগত ২৪ ঘণ্টাত ২৭জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ এই নতুন সংখ্যাকে ধৰি এতিয়ালৈ দেশত কোৰোণাত আক্ৰান্ত হৈ ৫ লাখ ২৪ হাজাৰ ২জন লোকৰ মৃত্যু হৈছে। আনহাতে, নতুনকৈ আক্ৰান্ত হোৱা সংখ্যাকে ধৰি দেশত সক্ৰিয় ঘটনাৰ সংখ্যা ১৯ হাজাৰ ৬৮৮ হৈছেগৈ।

ইয়াৰ উপৰি বিগত ২৪ ঘণ্টাত ৩৫৪৯জন লোক সুস্থ হৈ উঠিছে। ইয়াৰ লগতে দেশত কোৰোণাৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৪ কোটি ২৫ লাখ ৫১ হাজাৰ ২৪৮জন। দেশত বৰ্তমান ৰিক’ভাৰী ৰেট ৯৮.৭৪ শতাংশ। আনহাতে, বিগত ২৪ ঘণ্টাত ১৬ লাখ ৫৯ হাজাৰ ৮৪৩জন লোকক ভেকচিন প্ৰদান কৰা হৈছে। এই সংখ্যাকে ধৰি দেশত বৰ্তমানলৈ ১,৮৯,৮১,৫২,৬৯৫ পালি ভেকচিন প্ৰদান কৰা হৈছে।

Post a Comment

0 Comments