চাহ বাগিচা অঞ্চলত শিক্ষাৰ সোণালী যুগৰ সূচনা, বুধবাৰে ৯৬খন আদৰ্শ বিদ্যালয় উদ্বোধন ৰাজ্য চৰকাৰৰ


 ৰাজ্যৰ চাহ বাগিচাসমূহৰ ছাত্ৰ-ছাত্ৰীসকল বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে উপযুক্ত শিক্ষাৰ পৰা ৷ সেয়ে চাহ বাগিচাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত শিক্ষা দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ (Model School Inauguration) ৷

তাৰেই অংশ হিচাপে ২০২০ বৰ্ষত ৰাজ্যৰ চাহ বাগিচাসমূহত ১১৯খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল ৰাজ্য চৰকাৰে ৷ ইয়াৰে ৰাজ্যখনৰ বিভিন্ন চাহ বাগিচাত স্থাপন কৰা ৯৬খন বিদ্যালয় বুধবাৰে শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰে ৷ একেদিনাই জাগীৰোডৰ গোপালকৃষ্ণ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খনো শুভাৰম্ভ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই (Piyush Hazarika) ৷

১৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৮ জন শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয়খন শুভাৰম্ভ কৰি সুখ অনুভৱ ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে আগন্তুক দিনত এনে অধিক পৰিৱৰ্তন ৰাইজে দেখা পাব বুলিও মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সমৱেত সংগীত আৰু ছাত্ৰ-ছাত্ৰীসকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা শিক্ষা বিষয়া বুলি গগৈ, জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ, জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস, তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সমস্য নাৰায়ণ কুমাৰ ৰাডু কাকতি আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আনহাতে উক্ত অনুষ্ঠানতে বিশ্ব ধঁপাত নিষেধ দিৱস ২০২২ উপলক্ষে মৰিগাঁও ধঁপাত নিয়ন্ত্ৰণ কোষে “ধঁপাত আমাৰ পৰিবেশৰ প্ৰতি এটা ভাবুকি” মূল বিষয় হিচাপে লৈ আয়োজন কৰা কাৰ্যসূচীত বৃক্ষ ৰোপণ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

Post a Comment

0 Comments