ডুলু চাহ বাগিচা উচ্ছেদ কাণ্ডৰ প্ৰতিবাদত চৰাইদেউ জিলাৰ সদৰ সোণাৰি কঁপালে আটছা-আটুৱাই

 


অসম চৰকাৰে বিমানবন্দৰ নিৰ্মাণৰ বাবে কাছাৰ জিলাৰ ডুলু চাহ বাগিচাৰ ২,৫০০ বিঘা ভূমিৰ চাহ  বাগান উচ্ছেদ কৰাৰ প্ৰতিবাদত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু চাহ জনজাতি মহিলা সমিতি চুমুকৈ আটুৱাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এনে অমানৱীয় আৰু অগণতান্ত্রিক কাৰ্যৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়।

অসম চাহ মজদুৰ সংঘৰ (Assam Chah Mazdoor Sangha) সোণাৰি শাখা কাৰ্যালয়ৰ পৰা উলিওৱা উক্ত প্ৰতিবাদী সমদলে সমগ্র নগৰ পৰিভ্ৰমণ কৰে আৰু সোণাৰি নগৰৰ ৰজাধাপস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

আটছাৰ (AATSA) কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সহদেৱ ধানোৱাৰৰ নেতৃত্বত উলিওৱা উক্ত প্ৰতিবাদী সমদলত দুয়োটা সংগঠনৰ পাঁচ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

সমদলত থকা আটছা নেতা ধানোৱাৰে এই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদ কৰি  কয়— '‘অসম চৰকাৰে বিভিন্ন আন্তগাঁথনি, ৰাষ্ট্ৰীয় ঘাইপথ, ৰে'লপথ, তৈলক্ষেত্র, বিমানবন্দৰ নিৰ্মাণ, আধুনিক নগৰীকৰণৰ আদিৰ নামত চাহ বাগিচাৰ ম্যাদী ভূমি অধিগ্ৰহণ কৰি চাহ বাগিচা উচ্ছেদ আৰু ধ্বংস কৰাৰ লগতে চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। কাছাৰ জিলাৰ ডুলু চাহ বাগিচাৰ (Dolu Tea Estate) শ্ৰমিকৰ ওপৰত আৰক্ষী বাহিনী মোতায়েন কৰি নির্মম অত্যাচাৰ চলাই বাগিচা উচ্ছেদ কৰিছে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এই সংক্ৰান্তত আটছা আৰু আটুৱা চৰাইদেউ জিলা সমিতিৰ ফালৰ পৰা এক স্মাৰক-পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ যোগেদি প্ৰেৰণ কৰা হয়।''

Post a Comment

0 Comments