পৰেশ বৰুৱাক মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান ৰামেশ্বৰ তেলীৰ, মন্তব্য কৰাৰ পৰা বিৰত প্ৰশান্ত ফুকন

 


পৰেশ বৰুৱাক মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।ডিব্ৰুগড়ত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীত অংশ লোৱাৰ সময়ত এই আহ্বান জনায় ৰামেশ্বৰ তেলীয়ে (Rameswar Teli) ।

লগতে শেহতীয়াকৈ যুৱক-যুৱতীসকল আলফালৈ যোৱা প্ৰসংগত কয় যে এতিয়া নিজৰ ভৰিত নিজে থিয় দিব লাগে । চৰকাৰে ইতিমধ্যে ২৩ হাজাৰ নিবনুৱাক চাকৰি দিছে । ভৱিষ্যতে আৰু দিয়া হ'ব।

ইফালে বিধায়ক প্ৰশান্ত ফুকনে পৰেশ বৰুৱা (Paresh Baruah) সম্পৰ্কত মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও ২৪ ঘণ্টাৰ ভিতৰতে আলফা স্বাধীনৰ অধ্যক্ষ পৰেশ বৰুৱাৰ সকীয়নিত সেও মানি মন্ত্ৰী সঞ্জয় কিষাণে ক্ষমা বিচৰা সন্দৰ্ভত কয় - "তেওঁ কিবা ভুল কৰিলে আৰু ভুল উপলব্ধি কৰি ক্ষমা বিচাৰিলে।"

উল্লেখ্য, আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) উপলক্ষে সোমবাৰে ডিব্ৰুগড় সমষ্টিৰ প্ৰায় ৭৫জন সমাজকৰ্মী ব্যক্তি, শিল্পী আৰু লেখকক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সম্বৰ্ধনা জনায় । বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচা, নামঘোষা আৰু সঁফুৰাৰে সম্বৰ্ধনা জনোৱা হয়।  

অনুষ্ঠানতেই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫০ জন ব্যক্তিক দহ হাজাৰ টকাকৈ চেক প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড় পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত ডিব্ৰুগড় বিধানসভাৰ সমষ্টি বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰসভাৰ নৱ নিৰ্বাচিত পৌৰপতি চৈকত পাত্ৰ, উপ-পৌৰপতি উজ্জ্বল ফুকন উপস্থিত থাকি হিতাধিকাৰীক সম্বৰ্ধনা জনোৱাৰ লগতে চেক প্ৰদান কৰে। 

Post a Comment

0 Comments