প্ৰতিটো কথাতে হিন্দু মুছলমানৰ নামত মেৰুকৰণৰ ৰাজনীতি কৰাটো মুখ্যমন্ত্ৰীৰ স্বভাৱত পৰিনত হৈছে: আব্দুল খালেক


 অসমত পুলিচ ৰাজ চলি আছে, এনকাউন্টাৰক মুখ্যমন্ত্ৰীয়ে উৎসাহিত কৰিছে সেয়া দুৰ্ভাগ্যজনক। এই মন্তব্য আগবঢ়াই সাংসদ আব্দুল খালেকে। আব্দুল খালেকৰ মতে মেৰুকৰণ ৰাজনীতি মুখ্যমন্ত্ৰীৰ স্বভাৱত পৰিনত হৈছে।

অসমত পুলিচ ৰাজ চলি আছে।এনকাউন্টাৰক উৎসাহিত কৰিছে সয়ং মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। এয়া ৰাজ্যখনৰ বাবেই বিপদজনক আৰু অতি দুৰ্ভাগ্যজনক। সংবাদ মাধ্যমৰ সম্মূখত এই মন্তব্য আগবঢ়াই বৰপেটা লোক সভা সমষ্টিৰ সাংসদ আব্দুল খালেকে। মুখ্যমন্ত্ৰীৰ সমালোচনাত মুখৰ হৈ পৰে কংগ্ৰেছৰ সাংসদগৰাকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  আধা শুনে আৰু আধা কামহে কৰে। প্ৰতিটো কথাতে হিন্দু মুছলমানৰ নামত মেৰুকৰণৰ ৰাজনীতি কৰাটো মুখ্যমন্ত্ৰীৰ স্বভাৱত পৰিনত হৈছে বুলিও কয় সাংসদ আব্দুল খালেকে। ১০ মেত এবছৰীয়া বৰ্ষপূৰ্তি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। তেনেক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এবছৰত কিয় এক লাখ নিযুক্তি দিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে। মেৰুকৰণৰ ৰাজনীতিত সিদ্ধহস্ত হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে এফালে আজমলৰ ভয় দেখুৱাই মেৰুকৰণ কৰে আনফালে আজমলকে আগৰৰ ব্যৱসায় কৰিবলৈ সুবিধা কৰি দিছে। এই অভিযোগ আব্দুল খালেকৰ। কংগ্ৰেছ দলক পুনৰ শক্তিশালী কৰিব। এইক্ষেত্ৰত ১৩-১৫ মে'ত ৰাজস্তানৰ উদয়পুৰত দলৰ চিন্তন বৈঠক অনুষ্ঠিত হ'ব বুলিও কয় সাংসদ আব্দুল খালেকে।

Post a Comment

0 Comments