মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী

 


ৰাজ্য চৰকাৰ তথা আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষীৰ কঠোৰ পদক্ষেপৰ সমান্তৰালভাৱে ড্ৰাগছ ব্যৱসায়ীয়েও গ্ৰহণ কৰি আহিছে নিত্য নতুন কৌশল। প্ৰায় প্ৰতিদিনেই ৰাজ্যত জব্দ হৈছে নিষিদ্ধ ড্ৰাগছ, গ্ৰেপ্তাৰ হৈছে ড্ৰাগছ সৰবৰাহকাৰী। পুনৰ মহানগৰীত জব্দ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ।

মহানগৰীৰ বশিষ্ঠত ৬০ পেকেট ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চাৰি সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীকেইটা কেলভিন ক্লেন, মনখৰ ৰংহাং, মাণিক ইংতি আৰু ধ্ৰুৱজ্যোতি বৰা।

খানাপাৰাৰ দিশৰ পৰা জালুকবাৰীৰ দিশলৈ আহি থকা এখন ইক’ বাহনৰ পৰা জব্দ কৰা হয় এই ড্ৰাগছখিনি। বাহনখনৰ নম্বৰ ML10C1641। জব্দ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৪ কোটি টকা হ’ব।

Post a Comment

0 Comments