আলফা স্বাধীনৰ লক্ষ্য হ’ব পাৰে নেকি অইল ইণ্ডিয়া লিমিটেড! সতৰ্কবাণী জাৰি অসম আৰক্ষীৰ

 


এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বিভিন্ন চোৰাংচোৱাৰ হাতত খবৰ আছে যে আলফাৰ ফালৰ পৰা কিছু কূটাঘাতমূলক কাম–কাজ হ’ব পাৰে। কিন্তু পৰেশ বৰুৱা ডাঙৰীয়ায়ো কৈ আছে যে তেওঁলোকৰ তেনে কোনো পৰিকল্পনা নাই।’’

ব্যাপক হাৰত সদস্যভর্তি অভিযানেৰে সাংগঠনিক ভেটি শক্তিশালী কৰি তোলা আলফা স্বাধীনে যিকোনো মুহূৰ্তত উজনিৰ তৈলক্ষেত্ৰসমূহত বিক্ষিপ্ত ঘটনা সংঘটিত কৰিব পাৰে! অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগে লাভ কৰা উদ্বেগজনক তথ্যৰ ভিত্তিত অইল ইণ্ডিয়া কর্তৃপক্ষই তৈল উদ্যোগ প্রতিষ্ঠানটোৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক প্রতিষ্ঠানসমূহক সতর্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই সংক্ৰান্তত অইল কৰ্তৃপক্ষই ঠিকা প্রতিষ্ঠানসমূহৰ মুৰব্বী তথা বিষয়াসকলৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ আগন্তুক সময়ত আলফা স্বাধীনৰ দ্বাৰা সংঘটিত হ’ব পৰা সম্ভাব্য বিক্ষিপ্ত ঘটনা সন্দৰ্ভত আলোচনা কৰে। এইক্ষেত্ৰত তৈলক্ষেত্ৰসমূহত ল'বলগীয়া সতর্কতা সন্দৰ্ভতো আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, যোৱা বছৰ অৰুণাচলৰ ইনাও অঞ্চলত তেল অন্বেষণত নিয়োজিত কুইপ' নামৰ বহিঃৰাজ্যৰ প্রতিষ্ঠান এটাৰ দুজন কৰ্মচাৰীক অপহৰণ কৰি নি প্রায় তিনি মাহ আবদ্ধ কৰি ৰাখিছিল বিদ্রোহী সংগঠনটোৱে। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই নাজিৰা গেলেকী অঞ্চলৰ পৰাও অ’ এন জি চিৰ পাঁচজনকৈ বিষয়া-কৰ্মীক অপহৰণ কৰা হৈছিল।

Post a Comment

0 Comments