বিদ্যালয়লৈ গো–মাংস লৈ আহিল প্ৰধান শিক্ষয়িত্ৰীয়ে, যাঁচিলে সহকৰ্মীকো, ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত গ্ৰেপ্তাৰ

 


শিক্ষয়িত্ৰীগৰাকীৰ নাম ডালিমা নেছা আৰু তেওঁ জিলাখনৰ লক্ষীপুৰস্থিত হুৰাকচুঙী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। বিদ্যালয় পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 

অসম আৰক্ষীয়ে সোমবাৰে (১৬ মে’ ২০২২) গোৱালপাৰা জিলাৰ এগৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰীক বিদ্যালয়লৈ গো–মাংস অনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

৫৬ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৫৩ এ (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থানৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বিয়পোৱা) আৰু ২৯৫ এ (জানি বুজি ইচ্ছাকৃকভাৱে কু–অভিপ্ৰায়েৰে যিকোনো শ্ৰেণীৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাসক অপমান কৰি তেওঁলোকৰ ধৰ্মীয় অনুভূতিত আঘাত হনা)ৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে।

জানিব পৰা মতে, শিক্ষয়িত্ৰীগৰাকীৰ নাম ডালিমা নেছা আৰু তেওঁ জিলাখনৰ লক্ষীপুৰস্থিত হুৰাকচুঙী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। বিদ্যালয় পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গুণোৎসৱৰ সময়ত গো–মাংস আনিছিল শিক্ষয়িত্ৰীগৰাকীয়ে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত এগৰাকী সহকৰ্মীয়ে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক গো-মাংস খোৱা দেখিছিল।

একে সময়তে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে কয় যে, "শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়লৈ গো–মাংস আনিছিল আৰু একাংশ কৰ্মচাৰীক যাঁচিছিল, যাৰ ফলত অস্বস্তিত পৰিছিল একাংশ সহকৰ্মী। এই কাণ্ডই দুয়োটা সম্প্ৰদায়ৰ আৱেগক আঘাত কৰিছে।’’

Post a Comment

0 Comments