বৰপেটাৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা, কাইলৈৰ পৰাই হ'ব খহনীয়া প্ৰতিৰোধৰ কাম


ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱা বাঘবৰৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত আজি উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা (Pijush Hazarika) ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত সত্ৰখন সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰিছে ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংকট নমাই অনা সত্ৰখনৰ লগতে মন্ত্ৰীগৰাকীয়ে আজি খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে ৷

ইপিনে সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰবাসী ৰাইজৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷ বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰখনৰ খহনীয়া পৰিদৰ্শনৰ পিচতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জনোৱামতে সত্ৰখনৰ সাময়িক প্ৰতিৰোধৰৰ বাবে কাইলৈৰ পৰাই কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিছে।

Post a Comment

0 Comments