এখন ব্যতিক্ৰমী বিয়া! প্ৰকৃত প্ৰেমৰ বাবেই দেৱীকাক পুনৰ ঘূৰাই পালে ৰাজুৱে!

 


এখন ব্যতিক্ৰমী বিয়া৷ নাই কোনো বেণ্ড পাৰ্টী, নাই কোনো ব্ৰাহ্মণৰ মন্ত্ৰধ্বনি, নাই কোনো বৈদিক কাৰ্যকলাপ৷ এনেদৰেই সমাপন হ’ল এখন বিশেষ বিয়া৷ আয়তীৰ উৰুলিত ৰজনজনাইছে বিয়াৰ ৰভাথলী৷ কইনাৰ হাতত জেতুকাৰ বোল৷ চকুত প্ৰাপ্তিৰ সুখ৷ ৰাইজক সাক্ষী কৰি জনমে জনমে একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে ৰাজুৱে দেৱীকাৰ শিৰত আঁকি দিলে ৰঙা সেন্দুৰ, দেৱীকাও স্বামীৰ ভৰি চুই ল’লে সেৱা। জীৱনে মৰণে, সুখে-দুখে একেলগে আহি থকা দিনবোৰ পাৰ কৰিব দুয়ো৷

এয়া দুধনৈৰ নিকটৱৰ্তী বাৰীগাঁৱৰ দৃশ্য৷ এগৰাকী অনাথ যুৱতীৰ বিয়াৰ ব্যৱস্থা কৰিলে গোৱালপাৰা শিশু কল্যাণ সমিটীয়ে। ৰাজু আৰু দেৱীকা, দীৰ্ঘদিনৰ পৰাই দুয়ো দুয়োৰে হোৱাৰ সপোন বুকুত সাঁচি ৰাখিছিল। দুয়োৰে মাজত আছিল এক নিভাঁজ প্ৰেম৷ যাৰ বাবে হয়তো আইনৰ কথা নাজানি কেইবছৰ মান পূৰ্বে বাল্য বিবাহৰ বাবে যো-জা চলাইছিল বাৰীগাঁৱৰ ৰাজু বৰ্মন আৰু দেৱীকা বৰ্মনে৷

বিবাহৰ উপযুক্ত বয়স নোহোৱাকৈয়ে দুয়ো বিবাহত বহাৰ খবৰ লাভ কৰি গোৱালপাৰা শিশু কল্যাণ সমিতিয়ে দেৱীকা বৰ্মনক উদ্ধাৰ কৰি গোৱালপাৰা শিশু কল্যাণ সমিতিৰ অন্তৰ্গত আলোকগৃহত তেওঁলোকৰ তত্বাৱধানত আশ্ৰয় প্ৰদান কৰে৷ বিয়া সম্পন্ন নহ’লেও, দুয়ো দুয়োকে ল’গ নাপালেও দুয়োৰে মাজত শেষ হৈ যোৱা নাছিল প্ৰেম৷ দুয়োৰে মাজত থকা নিভাঁজ প্ৰেমৰ বাবে প্ৰায় চাৰি বছৰ অন্তত পুনৰ মিলন হ’ল ৰাজু আৰু দেৱীকাৰ৷

আজি দেৱীকা আৰু ৰাজুৰ উপযুক্ত বয়স হোৱাৰ পিছত গোৱালপাৰা শিশু কল্যাণ সমিতেয়ে বাৰীগাঁৱৰ ৰাইজক সাক্ষী কৰি দেৱীকাক সম্পূৰ্ণ আইনৰ নীতি নিয়মৰ মাজেৰে মালাবদল আৰু সেন্দুৰ পৰিধানেৰে পুনৰ ৰাজুৰ লগত বিয়া দি এই বিবাহক স্বীকৃতি প্ৰদান কৰে৷

দীৰ্ঘদিনৰ অন্তঃত দুয়ো দুয়োকে পাই তেওঁলোক বহুত সুখী৷ ইফালে এই বিশেষ বিয়াৰ খবৰ পাই ঢপলিয়াই আহিল গাঁওখনৰ পুৰুষ-মহিলা, শিশু বৃদ্ধকে ধৰি সকলোৱে৷ আইনৰ বাবে দুই প্ৰেমিক যুগল আঁতৰে আঁতৰে থাকিব ল’গা হৈছিল যদিও সেই প্ৰেমৰ বাবে আজি পুনৰ মিলন হ’ল ৰাজু আৰু দেৱীকাৰ। এয়াই হয়টো প্ৰকৃত প্ৰেম আৰু ভালপোৱা৷

Post a Comment

0 Comments