জম্মু–কাশ্মীৰত লস্কৰ–ই–তৈবাৰ মডিউল উৎখাত, এগৰাকী মহিলাসহ ৭ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

 


সোমবাৰে জম্মু–কাশ্মীৰ আৰক্ষীয়ে লাভ কৰে এক বৃহৎ সফলতা। উত্তৰ কাশ্মীৰৰ বান্দীপোৰা জিলাত আৰক্ষীয়ে নিষিদ্ধ সংগঠন লস্কৰ–ই–তৈবাৰ এক মডিউল উৎখাত কৰে। বান্দীপোৰা আৰক্ষীয়ে এগৰাকী মহিলাসহ সাত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ৩ লস্কৰ–ই–তৈবাৰ সন্ত্ৰাসবাদী আছে।

আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ গোলা–বাৰুদ জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে কিছু আপত্তিজনক সামগ্ৰী আৰু চাৰিখন দুচকীয়া বাহনো জব্দ কৰিছে। এগৰাকী আৰক্ষী বিষয়াই কয় যে শেহতীয়াকৈ বান্দীপোৰা সংঘৰ্ষ সন্দৰ্ভত তদন্তৰ বাবে আৰক্ষীয়ে সেনা আৰু চিআৰপিএফৰ সৈতে অভিযান চলাইছিল আৰু এক সক্ৰিয় পাকিস্তানী প্ৰশিক্ষিত সন্ত্ৰাসবাদী, দুই হাইব্ৰীড সন্ত্ৰাসবাদী আৰু চাৰিটা সন্ত্ৰাসবাদীৰ সহযোগীক গ্ৰেপ্তাৰ কৰি লস্কৰ–ই–তৈবাৰ মডিউল উৎখাত কৰে।

লস্কৰৰ হাইব্ৰীড সন্ত্ৰাসবাদী দুটাক বান্দীপোৰা জিলাৰ এজাজ আহমেদ ৰেশী আৰু শাৰিক আহমেদ লোনে বুলি চিনাক্ত কৰা হৈছ। আনহাতে, চাৰি সহযোগীক বান্দীপোৰাৰ ৰিয়াজ আহমেদ মীৰ, গোলাম মহম্মদ ৱাজা ওৰফে গুলবাব আৰু মকছুদ আহমেদ মালিক আৰু তৌহিদবাদ বাগৰ মহম্মদ ছফিৰ কন্যা সীমা ছফি বুলি চিনাক্ত কৰা হৈছে।

সন্ত্ৰাসবাদীৰ জিম্মাৰ পৰা দুটা পিষ্টল, তিনিটা মেগজিন, ২৫জাঁই গুলী, তিনিটা হেণ্ড গ্ৰেনেডসহ বহু অস্ত্ৰ–শস্ত্ৰ জব্দ কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

Post a Comment

0 Comments