হোজাইত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, বান পৰিস্থিতিৰ বুজ ল’বলৈ গৈছিল মন্ত্ৰীগৰাকী

 


মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হোজাইত। বান পৰিস্থিতিৰ বুজ ল’বলৈ হোজাইলৈ আহিছিল মন্ত্ৰীগৰাকী। হোজাইৰ বৰবহাত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা। সেনাবাহীনিৰ এখন বাহন অভাৰটেক কৰিব লোৱাৰ সময়তে পিছফালৰ পৰা দুৰ্ঘটনাগ্ৰস্থ বলেৰ বাহনখনে খুন্দা মাৰে। দুৰ্ঘটনাগ্ৰস্থ বলেৰ’খনৰ নম্বৰ AS 02AA 1043। দুৰ্ঘটনাত আহত হৈছে বাহনৰ চালকজন। ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

Post a Comment

0 Comments