ডিচেম্বৰৰ ভিতৰত ১ লাখ যুৱক-যুৱতীলৈ চৰকাৰী চাকৰি, জনালে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই


 ১ লাখ চাকৰি প্ৰদানৰ লক্ষ্যৰে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। যোৱা মঙলবাৰে সম্পূৰ্ণ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তি। বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে, ১৪ মে’ত বিশেষ কার্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ চাকৰিত ২৩ হাজাৰ বাছনিকৃত প্রার্থীৰ হাতে হাতে তুলি দিব নিযুক্তি-পত্র। কাইলৈৰ দিনটোৰ বাবে এতিয়া প্ৰস্তুতি তুংগত। এই সময়তে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই কৰিছে বিশেষ মন্তব্য।

জয়ন্ত মল্ল বৰুৱাৰ মতে অহা ডিচেম্বৰৰ ভিতৰত চৰকাৰে পূৰণ কৰিব ১ লাখ চাকৰি প্ৰদানৰ লক্ষ্য। বিধায়গৰাকীয়ে লগতে কয় যে,  'চৰকাৰৰ প্ৰতিশ্ৰুতি মৰ্মে ১ লাখ চাকৰিৰ প্ৰক্ৰিয়া চলি আছে। কাইলৈ প্ৰাথমিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ২০২২ৰ ডিচেম্বৰৰ ভিতৰত ১ লাখ সম্পূৰ্ণ কৰিম। যিসকলে এটাও চাকৰি দিয়া নাই, চাকৰি কেনেকৈ দিয়ে নাজানে বাবে সমালোচনা কৰিছে বিৰোধীয়ে।'

Post a Comment

0 Comments