নাই পৰ্যাপ্ত শ্ৰেণীকোঠা, নাই কোনো সুবিধা, দুটা জৰাজীৰ্ণ শ্ৰেণীকোঠাত চলিছে ৫টাকৈ শ্ৰেণীৰ পাঠদান!- এনে বিদ্যালয়তো অনুষ্ঠিত হৈছে গুণোৎসৱ

 


ৰাজ্যত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ চলি আছে দহখন জিলাত। এই দহ খন জিলাৰ ভিতৰত গোৱালপাৰাও অন্যতম ৷ পিছে গোৱালপাৰা জিলাত এতিয়াও এনে বহু বিদ্যালয় আছে য’ত আন্তঃগাঁথনি শূন্য। এতিয়া শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ এনেধৰণৰ বিদ্যালয়সমূহতো অনুষ্ঠিত হৈছে গুণোৎসৱ।

গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অধীনৰ গুনিয়ালগুৰী প্ৰাথমিক বিদ্যালয়। য’ত জীৱনৰ আদিপাঠ গ্ৰহণ কৰে কণ কণ ছাত্ৰ-ছাত্ৰী সকলে ৷ বাকাইটাৰী গাঁৱত অৱস্থিত ১৯৮৫তে স্থাপন কৰা এই বিদ্যালয়খনৰ অৱস্থা একেবাৰে দুখলগা।

সাধাৰণতে দেখা যায় যে, গুণোৎসৱৰ সময়ত জাকজমকতাৰে ভৰি পৰে শ্ৰেণীকোঠা তথা বিদ্যালয়ৰ চৌদিশ। কিন্তু এই বিদ্যালয়খনত নাই এটা পৰ্যাপ্ত শ্ৰেণীকোঠাও। বাঁহেৰে সজা এটা ভঙা জুপুৰি সদৃশ গৃহতে চলিছে পাঠদান। বিদ্যালয় বুলিবলৈ নাই কোনো ধৰণৰ পৰিৱেশ , নাই পৰ্যাপ্ত শ্ৰেণীকোঠা, নাই সুবিধাও। এই জৰাজীৰ্ণ বিদ্যালয় খন বছৰত দুই তিনিবাৰ ধুমুহাই উৰুৱাই নিয়ে। পিছত স্থানীয় ৰাইজ, শিক্ষকে নিজে মেৰামতি কৰে বিদ্যালয়খন ৷ বৰষুণৰ বতৰত ফুটা টিন পাতেৰে পানী পৰাৰ ফলত বন্ধ হয় পাঠদান। এনে অৱস্থাত মাত্ৰ দুটা শ্ৰেণীকোঠাত চলিছে ৫টাকৈ শ্ৰেণীৰ পাঠদান। এক কথাত ক’বলৈ গ’লে গোহালি সদৃশ পৰিৱেশত জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলগীয়া হৈছে গাঁৱৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলে ৷
 

Post a Comment

0 Comments