ৰাছিয়া–ইউক্ৰেইন যুদ্ধত কোনো জয়ী নহয়, কেৱল কষ্ট পাব দৰিদ্ৰ মানুহে, ভুগিব একাধিক দেশে : মোদী

 


বাৰ্লিনৰ পৰা শান্তিৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ক’লে, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত কোনো দেশৰে লাভ নহয়, কোনোৱে নিজিকে এই যুদ্ধত, কেৱল কষ্ট পাব সাধাৰণ মানুহে, সাধাৰণ মানুহৰ জীৱন আৰু দুৰ্বিসহ হৈ উঠিব এই যুদ্ধৰ ফলত। আৰু বিপদত পৰিব পৃথিৱীৰ উন্নয়নশীল দেশবোৰ। মোদীয়ে কয়, ‘‘আমি জানো যে এই যুদ্ধত পৃথককৈ কোনোৱে জয়ী নহয়, সেইবাবে আমি শান্তিৰ পক্ষত থাকিব বিচাৰো।’’

এই সভাৰ পৰাই মোদীয়ে কয়, পৃথিৱী জুৰি তেলৰ দাম বৃদ্ধি পাইছে এই যুদ্ধৰ বাবে। ইয়াৰ উপৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ একাধিক দেশত এতিয়া খাদ্যৰ অভাৱে দেখা গৈছে, বন্ধ হৈ গৈছে উন্নয়নৰ কাম, বন্ধ হৈছে চৰকাৰী আঁচনি। লগতে মোদীয়ে আশংকা প্ৰকাশ কৰে যুদ্ধৰ মানৱিক ক্ষতিৰ দিশক লৈও। মোদীয়ে কয়, ৬০ দিনৰো অধিক সময় যুদ্ধ চলিছে। হাজাৰ হাজাৰ সাধাৰণ মানুহৰ মৃত্যু হৈছে এই যুদ্ধৰ ফলত। লাখ লাখ মানুহে ঘৰ এৰিবলগীয়া হৈছে। সেইবাবেই যুদ্ধৰ একেবাৰে আৰম্ভণিৰ পৰা অস্ত্ৰ এৰি আলোচনাৰ প্ৰস্তাৱ দি আহিছে ভাৰতে।

Post a Comment

0 Comments