'বিজেপি শাসনলৈ অহাৰ পৰাই ৰসাতলে গ'ল অসম'- তৃণমূল কংগ্ৰেছত যোগদান কৰিয়েই মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ শিখা শৰ্মা


 বুধবাৰে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছে গুৱাহাটীত এখন যোগদান সভাৰ আয়োজন কৰে। সভাত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় নেতা তথা সাংসদ অভিষেক বেনাৰ্জী। সভাখনতে তৃণমূল কংগ্ৰেছত যোগদান কৰে বিতৰ্কিত লেখিকা শিখা শৰ্মাই।

মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা এক অনুষ্ঠানত অসম তৃণমূলত যোগদান কৰে শিখা শৰ্মাই। দলটোত যোগদান কৰিয়েই প্ৰত্যাশিত ভাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে নেত্ৰীগৰাকী।

শিখা শৰ্মাই প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে, 'অসমত বিজেপি চৰকাৰৰ অহাৰ পৰাই অসম খন ৰসাতলে গল। অসমীয়াৰ আৱেগ অনুভূতিৰ লগত খেলা কৰা, দূৰ্দান্ত এজন অসম ধ্বংসকাৰী মানুহ হিমন্ত বিশ্ব শৰ্মা। স্বেচ্ছাচাৰী শাসন, নিবনুৱাক প্ৰতাৰণা আৰু ভুৱা প্ৰতিশ্ৰুতি দিয়াব বাবে হিমন্ত বিশ্ব শৰ্মাক মই প্ৰতদিনে বিৰোধ কৰি আহিছো।' আনকি শিখা শৰ্মাই অহা ২০২৬ চনত অসমত তৃণমূলে চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে।

Post a Comment

0 Comments