'অলপ খালে ভাল পালো হেতেন, মোৰ ল'ৰাই আজি পুলিচত চাকৰি পাইছে'- পথৰ কাষৰ এগৰাকী সাধাৰণ ব্যৱসায়ীৰ মুখত আজি সন্তুষ্টিৰ হাঁহি!

 


এগৰাকী লোকে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এগৰাকী দেউতাকৰ মনৰ অনুভূতি। বৃহস্পতিবাৰে ঘোষণা কৰা হল অসম আৰক্ষীৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ বহু দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীয়ে ঘোষণা কৰা ফলাফল অনুসৰি সুফল লাভ কৰিবলৈ সক্ষম হৈছে।

ছচিয়েল মিডিয়াত ভাৰমাৰ মজুমদাৰ নামৰ এগৰাকী লোকে মিৰ্জাৰ সমীপৰ বৰকুছি চকৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কল বিক্ৰী কৰা এগৰাকী লোকৰ সন্দৰ্ভত শ্বেয়াৰ কৰা পোষ্টা ব্যাপক চৰ্চা লাভ কৰিছে। পথৰ কাষত কলৰ দোকান দি পৰিয়াল পোহপাল দিয়া লোকজনে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

Post a Comment

0 Comments