বিজেপি দুমুখীয়া দল, আমি TMC-য়ে "কা" কেতিয়াও নামানোঃ অভিষেক বেনাৰ্জী

 


এদিনীয়া ভ্ৰমণসূচীলৈ বুধবাৰে গুৱাহাটীলৈ আহে তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সা সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বেনাৰ্জী। মমতা বেনাৰ্জীৰ দলৰ কেন্দ্ৰীয় যুৱ নেতাগৰাকীয়ে গুৱাহাটীৰ জয়া নগৰত দলটোৰ অসম ৰাজ্যিক মুখ্য কাৰ্য্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

কাৰ্য্যালয় উদ্বোধনৰ পিছত অনুষ্ঠিত সংবাদমেলত অভিষেক বেনাৰ্জীয়ে CAA সম্পৰ্কত তৃনমূল কংগ্ৰেছৰ এটাই স্থিতি বুলি উল্লেখ কৰে। "CAA-কলৈ দুমুখীয়া স্থিতি বিজেপিৰ, বংগত কয় CAA কাৰ্যকৰী কৰা হ'ব। কিন্তু অসমত CAAৰ কথা নকয় অমিত শ্বাহে। আমি TMC য়ে "কা" কেতিয়াও নামানো।"-এই মন্তব্য সাংসদ অভিষেক বেনাৰ্জীৰ।

ইফালে বিভিন্ন ৰাজ্যত দলীয় সংগঠন সম্পৰ্কত উল্লেখ কৰি অভিষেক বেনাৰ্জীয়ে কয় যে, তৃনমূল কংগ্ৰেছে দহখন ৰাজ্যত দল শক্তিশালী কৰিব। মেঘালয়ত বিৰোধীত আছো বুলি কোৱা অভিষেক বেনাৰ্জীয়ে আগন্তুক বৰ্ষত আমি মেঘালয় , ত্ৰিপুৰাৰ নিৰ্বাচনত ভাল ফলাফল কৰিব পাৰিম বুলি আশাবাদী। কংগ্ৰেছ এতিয়া মোবাইল আৰু টুইটাৰত আছে, কংগ্ৰেছে মাটিত, পথাৰত নানামে। আমি কি কৰিম বুলি কয় প্ৰশ্নহে কৰে অভিষেক বেনাৰ্জীয়ে।

Post a Comment

0 Comments