নুমলীগড়ত ৰেডিও কলাৰ স্থাপন দুটাকৈ বন্যহস্তীৰ দেহত। অসমত দ্বীতীয় বাৰৰ বাবে এই ব্যৱস্থা।

 


নুমলীগড় তথা গোলাঘাট জিলাত হাতী-মানুহৰ সংঘাত (Man-Elephant Conflict) ভয়াবহভাৱে বৃদ্ধি পাইছে। প্ৰতিদিনে নুমলীগড়ৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । বহু সময়ত এই সংঘাতৰ ফলত যদি কেতিয়াবা মানুহে মৃত্যুক আঁকোৱালি লৈছে তাৰ সমান্তৰালভাৱে বহু কেইটা বন্য হস্তীয়ে মৃত্যুক আঁকোৱালি লৈছে । বন্য হস্তীৰ ত্ৰাসৰ ফলত বহু পৰিয়াল গৃহহাৰা হোৱাৰ লগতে খেতি পথাৰ অনিষ্ট কৰিছে বন্যহস্তীয়ে । এতিয়া নিশাটো বাদেই দিনৰ ভাগতে বনাঞ্চল এৰি জনাঞ্চলত অৱস্থান কৰিছে জাক জাক বন্যহস্তীয়ে । যাৰ বাবে উপায়ন্তৰ হৈ এইবাৰ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গোলাঘাট জিলাৰ DFO আৰু বন বিভাগৰ নেতৃত্বত ব্যাপক তৎপৰতা চলাইছে ।

Post a Comment

0 Comments