অসমত ৭ বছৰৰ ভিতৰত দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! এনডিডিবিৰ সৈতে বুজাবুজি চুক্তি


 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পুৰবী ডেইৰী আৰু NCDFIৰ উদ্যোগত নৰ্থ ইষ্ট ডেইৰী কোঅপাৰেটিভ কনক্লেভ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি আৰু পশুধন বিভাগৰ মন্ত্ৰী অতুল বৰাকে ধৰি উত্তৰ পূবৰ সকলো দুগ্ধ সমবায়৷ উত্তৰ–পূবত ডায়েৰী খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ৰাজ্য চৰকাৰৰ। এনডিডিবিৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ।

তথ্য অনুসৰি, কৰ্ণাটকত ৮০ লাখ লিটাৰ, গুজৰাটত ২ কোটি লিটাৰ গাখীৰ উৎপাদন হয় দৈনিক৷ কিন্তু অসমত সম্ভাৱনা থকাৰ পাছতো চকু দিয়া নাছিল পূৰ্বৰ কোনো চৰকাৰে৷ গুজৰাটৰ এটা গীৰ গাইয়ে ৪০ দৈনিক লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে৷ যিটো অসমত আজিলৈ ব্যৱসায়িক ভিত্তিত হৈ উঠা নাই৷ ইয়াৰ বাবে সমবায়খিনিক পুনৰ জীৱন প্ৰদান লক্ষ্য লৈছে চৰকাৰে৷ মুখ্যমন্ত্ৰীৰ লক্ষ্য অসমত ৭ বছৰৰ ভিতৰত দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব লাগিব৷ তাৰ বাবে যি পদক্ষেপৰ প্ৰয়োজন সকলোখিনি ল’ব লাগিব চৰকাৰে৷

কৃত্ৰিম ভাৱে গাই গৰু জন্ম হোৱাৰ ব্যৱস্থা অৱলম্বন কৰিব লাগিব, সমবায়সমূহ অধিক কাৰ্যক্ষম কৰাৰ লক্ষ্য ল’ব লাগিব, তেতিয়াহে এয়া সম্ভৱ হ’ব৷ ইয়াৰ বাবে ১৫ হাজাৰ গুজৰাটৰ পৰা গায় অনাৰ ব্যৱস্থা কৰা হ’ব অসমত৷

Post a Comment

0 Comments