কমিব ধৰিছে বৰাক নৈৰ জলস্তৰ, দেওবাৰে হাইলাকান্দিৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন সাংসদ কৃপ‍ানাথ মল্লাহৰ

 


যোৱ‍া এসপ্তাহ তাণ্ডৱ চলোৱাৰ পিছতে লাহে লাহে কমিব ধৰিছে বৰাক নৈৰ জলস্তৰ। বন্ধ হৈছে নেৰানেপেৰা বৰষুণো। ৫৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ আৰম্ভ হৈছে যানবাহনৰ চলাচল।

কিন্তু বানৰ তাণ্ডৱৰ সময়ত সাংসদ নিৰুদ্দেশ বুলি সামাজিক মাধ্যমত তীব্ৰ চৰ্চা চলাৰ পিছতে  অৱশেষত কৰিমগঞ্জ সমষ্টিৰ সাংসদ কৃপানাথ মল্লাহে দেওবাৰে হাইলাকান্দি জিলাত উপস্থিত হৈ দলীয় কৰ্মী-সমৰ্থকক লগত লৈ পৰিদৰ্শন কৰিলে বান বিধ্বস্ত আলগাপুৰ সমষ্টিৰ বিভিন্ন অঞ্চল।

পিছে ইমান দিন বাৰু ক'ত আছিলগৰাকী? সাংবাদিকে সোধ‍‍া এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়- ''মই নাথাকিলেও আমাৰ দলৰ কৰ্মীসকলে মোৰ হৈ কাম কৰিছে। লগতে তেওঁ নিজে সাংসদ হৈ নহয়, দলৰ কৰ্মী হৈহে বানপানী চাবলৈ আহিছে।

Post a Comment

0 Comments