অসমত স্থাপন হ'ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, স্বাক্ষৰিত হ'ল চুক্তি

 


বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত স্বাক্ষৰিত হ'ল এক ঐতিহাসিক বুজাবুজিৰ চুক্তি ৷ টাটা টেকন'লজী আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি ৷ ইয়াৰ জৰিয়তে অসমত স্থাপন হ'ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৷ এই কাৰ্যত ব্যয় হ'ব ২৩৯০ কোটি টকা (Assam Govt signed an MoU with Tata Technologies) ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত চুক্তিৰ সময়ত উপস্থিত থাকে দক্ষতা বিকাশ দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, টাটা টেকন'লজীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৷ চুক্তিত স্বাক্ষৰৰ পিছত টাটা টেকন'লজীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷

Post a Comment

0 Comments