বিপদত পৰিব নেকি মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভা? আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ

 


শেহতীয়াকৈ ব্যাপক চৰ্চাত আছে নগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভা। নিজৰ হ’বলগীয়া স্বামীক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে দখল কৰিছে সংবাদ শিৰোনাম। পিছে আৰক্ষী বিষয়াগৰাকীৰ প্ৰৱঞ্চক প্ৰেমিক ৰাণা পগাগৰ বিৰুদ্ধে এগৰাকী লোকে মাজুলীৰ গড়মূৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰে বহুকেইটা নতুন দিশ উন্মোচন কৰিছে।মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাই ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত গড়মূৰ আৰক্ষীয়ে ইতিমধ্যে 20/22, 21/22 US120B/170/406/419/420/468/471/472 IPC অধীনত গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি, ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ কথা পূৰ্বৰে পৰা জানিছিল আৰক্ষী বিষয়াগৰাকীয়ে। ভাইৰেল হৈছে আৰক্ষী বিষয়া গৰাকীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপো। আনহাতে ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে আৰক্ষী বিষয়া ৰাভাই ONGCৰ বিষয়া বুলি চিনাকি কৰাই দিছিল। কেৱল ইমানেই নহয় ঠিকা প্ৰদানৰ প্ৰলোভনেৰে দালাল ৰাণাৰ যোগেদি লাখ লাখ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে জোনমণি ৰাভাৰ বিৰুদ্ধে।

Post a Comment

0 Comments