শিলসাকো বিলৰ আবাসিক এলেকাত চলিল চৰকাৰৰ বুলড'জাৰ! বিলৰ পাৰত উচ্ছেদিত শ শ আবাসীৰ উচুপনী!


 শুকুৰবাৰে পুৱাৰে পৰা মহানগৰীৰ শিলসাকো বিলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ২০খনৰো অধিক বুলড'জাৰ লৈ শিলসাকোৰ পাৰত চলিল উচ্ছেদ অভিযান ৷ প্ৰশাসনৰ অভিযানত তচ-নচ হ'ল শতাধিক বাসগৃহ ৷ আৰ চি চি বিল্ডিং পৰ্যন্ত প্ৰশাসনে ভাঙি পেলালে গৃহস্থৰ চকুৰ সন্মুখত।

উল্লেখ্য যে বিগত প্ৰায় ২০ বছৰ ধৰি উক্ত স্থানত বসবাস কৰি আহিছিল কেইবা শতাধিক পৰিয়াল ৷ এই বাসিন্দাসকলক চৰকাৰে যোগান ধৰিছিল বিজুলী, জিএমচিৰ হোল্ডিং নম্বৰ লৈ নিৰ্মাণ কৰিছিল ঘৰ, পথ-নলা আধি নিৰ্মাণ কৰি দিছিল চৰকাৰেই। পিছে দীৰ্ঘদিনে বসবাস কৰি অহা এই লোকসকলক শুকুৰবাৰে গৃহহীন কৰি পেলালে চৰকাৰে। অভিযোগমতে কোনো জাননী অবিহনে শুকুৰবাৰে অতৰ্কিতে প্ৰশাসনে চলালে অভিযান ৷ গৃহহীন লোকসকলৰ অভিযোগ স্থআনান্তৰ কৰিবলৈ অলপ সময়ো নিদিলে প্ৰশাসনে।

Post a Comment

0 Comments