ব্ৰহ্মপুত্ৰৰ মাজত ভীষণ কুৱলী, উটি আহিছে কাঠৰ টুকুৰা, মেটেকা,জাবৰঃ অনিৰ্দিষ্ট কাললৈ যোৰহাট-মাজুলী ফেৰিসেৱা বন্ধ

 


নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়ি উঠিছে ব্ৰহ্মপুত্ৰ। বিগত কেইবাদিন ধৰি অব্যাহত থকা বৰষুণৰ মাজতে ব্ৰহ্মপুত্ৰত সোতৰ প্ৰকোপ বৃদ্ধি পাইছে । বিপদ সীমাৰ তলত থাকিলেও ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি পোৱাৰ লগতে কোবাল সোতত কাঠৰ টুকুৰা , মেটেকাকে ধৰি বিভিন্ন সামগ্ৰী উটি আহিছে। সেয়েহে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে যোৰহাটৰ নিমাতীৰ পৰা মাজুলীলৈ ফেৰিসেৱা। আনহাতে ফেৰি চলাচলত কুৱলীয়ে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে ।

দেওবাৰে বহু যাত্ৰী পাৰাপাৰ হ'বৰ বাবে দুয়োটা ঘাটতে গোট খাইছিল। ইতিমধ্যে অনলাইন যোগে টিকট বুক কৰা যাত্ৰীসকলে টিকটৰ মূল্যসমূহ ঘূৰাই পাব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। দেওবাৰে মাজুলীলৈ নিমাতী ঘাটৰ পৰা ফেৰিৰে যাবলৈ অহা লোকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট জিলা প্ৰশাসনে। মাজুলীলৈ বুলি ওলাই অহা এই যাত্ৰীসকলৰ বাবে দুখনকৈ বাছৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুখন বাছেৰে নিমাতী ঘাটত আবদ্ধ হৈ পৰা যাত্ৰীসকল বগীবিল দলং হৈ মাজুলীলৈ যাত্ৰা আৰম্ভ কৰিছে।

কিন্তু ফেৰি চলাচল কেতিয়াৰ পৰা আৰম্ভ হব সেয়া বৰ্তমানো অনিশ্চয়তাৰ মাজত আছে । কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত কুৱলীৰ বাবে ফেৰি চলোৱাত ব্যাপক অসুবিধা হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ কোবাল সোতত উটি অহা কাঠৰ টুকুৰা , মেটেকাৰ জাবৰে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি কৰিছে ।

Post a Comment

0 Comments