‘মোক পেট্ৰ’ল ঢালিব দিছে, মই ঢালিছো, মই একো নাজানো’ – বটদ্ৰৱা থানাত পেট্ৰ’ল ঢলা কিশোৰীৰ ভাষ্য


 বটদ্ৰৱা কাণ্ডক লৈ এতিয়ালৈ মহিলাসহ ২১জনক গ্ৰেপ্তাৰ কৰা হৈছে। থানাত অগ্নিসংযোগ কৰা মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী কিশোৰীয়ে ৰখাই থোৱা  বাইকত বটলৰ পৰা পেট্ৰ’ল ঢালি দিয়াৰ পিছত আন এগৰাকী মহিলাই জুইশলা মাৰি জ্বলাই দিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ পিছত পেট্ৰ’ল ঢালি দিয়া কিশোৰীগৰাকীয়ে কয়, ‘‘মোক পেট্ৰ’ল ঢালিব দিছে, মই নাজানো, কোনোবাই দিলে, মই ঢালি দিছো।’’

বৰ্তমান সকলো অভিযুক্তক নগাঁও সদৰ থানাত ৰখা হৈছে। আৰক্ষীয়ে ঘটনাৰ ভিডিঅ’ ফুটেজ চাই এজন এজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Post a Comment

0 Comments