মৃগেন শৰণীয়া হ'ব গুৱাহাটীৰ মেয়ৰ, বিজেপিয়ে কৰিলে ঘোষণা, উপ মেয়ৰ হ'ব স্মিতা ৰয়

 


পুনৰবাৰ গুৱাহাটী পৌৰ নিগম (GMC)ৰ মেয়ৰ নিৰ্বাচিত হ'ল মৃগেন শৰণীয়া (Mrigen Sarania)। মঙলবাৰে ঘোষণা হ’ল গুৱাহাটীৰ নতুন মেয়ৰৰ নাম । দ্বিতীয় বাৰৰ বাবে গুৱাহাটী মহানগৰৰ মেয়ৰ তথা পৌৰপতি নিৰ্বাচিত হয় মৃগেন শৰণীয়া।

আজি ৰাজ্যিক বিজেপি (BJP)ৰ সভাপতি ভবেশ কলিতাই ঘোষণা কৰে মেয়ৰ মৃগেন শৰণীয়াৰ নাম। লগতে ডেপুটী মেয়ৰ (Deputy Mayor)ৰূপে ঘোষণা কৰে স্মিতা ৰয় (Smita Roy)ৰ নাম।

 বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত মুখ্যমন্ত্ৰী (Himanta Biswa Sarma)ৰ উপস্থিতিত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰম্ভণিৰে পৰা পৌৰপতিৰ দৌৰত শীৰ্ষত আছিল প্ৰাক্তন পৌৰপতি মৃগেন শৰণীয়াৰ নাম ।

উপ-মেয়ৰৰ দৌৰত মেঘনা হাজৰিকাৰ নাম শীৰ্ষত আছিল যদিও অন্তিম মুহূৰ্তত সকলোকে আচৰিত কৰি ২২ নং ৱাৰ্ডৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী স্মিতা ৰয়ক উপ মেয়ৰ হিচাপে নিৰ্বাচিত কৰে।

উল্লেখ্য যে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদ (AGP)ক সম্পূৰ্ণ বঞ্চিত কৰি মেয়ৰ আৰু ডেপুটী মেয়ৰৰ নাম ঘোষণা কৰে বিজেপিয়ে।

Post a Comment

0 Comments